'কা'ৰ বিৰুদ্ধে তিনিচুকীয়াত অব্যাহত তীব্ৰ গণ সংগ্ৰাম

 12/29/2019 - 13:24

তিনিচুকীয়াঃ নাগৰিকত্ব সংশোধিত আইন ২০১৯ৰ বিৰোধিতা কৰি অসমৰ জনসাধাৰণে গণতান্ত্ৰিক ভাবে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। 'কা' বিৰোধী গণ সংগ্ৰামক প্ৰতিহত কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ব্যৰ্থ হৈছে। জনতাৰ সংগ্ৰাম অব্যাহত থকাৰ সময়তে এচাম দুষ্কৃতিকাৰীয়ে অসমৰ বিভিন্ন স্থানত দুষ্কাৰ্য সংঘটিত কৰিছে। 'কা'ৰ বিৰুদ্ধে তিনিচুকীয়াতো গণ সংগ্ৰাম অব্যাহত আছে। গণতান্ত্ৰিক প্ৰতিবাদৰ মাজতে বিভিন্ন সময়ত তিনিচুকীয়াৰ বিভিন্ন স্থানত দুষ্কৃতিকাৰীয়ে দুষ্কাৰ্য সংঘটিত কৰিছে। সংগ্ৰামৰ সুবিধা লৈ দুষ্কৃতিকাৰীয়ে জ্বলাইদিছে-বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান। এনে এক ঘটনা শনিবাৰে নিশাও সংঘটিত হয়। চহৰৰ হিজুগুৰি অঞ্চলত অচিনাক্ত দুষ্কৃতিকাৰীয়ে কেইবাখনো সৰু-বৰ ব্যৱসায়িক প্ৰতিষ্ঠানত দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰাত ব্যৱসায়িক প্ৰতিষ্ঠান কেইখন ছাইত পৰিণত হয়।

গৰিহণাযোগ্য ঘটনাটো সংঘটিত হয়-হিজুগুৰি দুই নং গেট স্থিত দৈনিক বজাৰত। অগ্নিকাণ্ডৰ ফলত হোটেল, গুদামকে ধৰি ৬/৭ খন দোকান ভস্মীভূত হোৱাত ব্যৱসায়ী সকল যথেষ্ট ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়। ঘটনাৰ সম্পৰ্কে এগৰাকী ব্যৱসায়ীয়ে এনেদৰে জনায়। ঘটনাস্থলীত আৰক্ষী, CRPF উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও দুষ্কৃতিকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধিত আইন বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হৈ থকাৰ সময়তে হিজুগুৰি এক নং গেট আৰু দুই নং গেটত পূৰ্বেও এনে দুষ্কাৰ্য সংঘটিত হৈছিল। বাৰম্বাৰ এনে দুষ্কাৰ্য সংঘটিত হোৱাৰ স্থানীয় ব্যক্তিয়ে নিৰাপত্তা হীনতাত ভোগাৰ লগতে ব্যৱসায়ীৰ ক্ষতি হোৱাত উদ্বেগ প্ৰকাশ কৰে। গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰিবলৈ দুষ্টচক্ৰ উঠি পৰি লগাত তিনিচুকীয়াৰ সচেতন মহলে আশ্চৰ্য প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।