চৰকাৰ-প্ৰশাসনক ধিক্কাৰ দি দান বৰঙণিৰে স্থানীয় ৰাইজৰ গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা বঙাইগাঁৱৰ আওলাগুৰিত

 12/29/2019 - 14:28

মানিকপুৰঃ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বাশবাৰী-আওলাগুৰিত মানাহ নদীৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত ৰাইজ শংকিত হৈ পৰিছে। বাশবাৰী, আওলাগুৰি অঞ্চলৰ লোকসকলে উপায়ন্তৰ হৈ নৈ খনৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহ কৰি বাঁহৰ পাৰ্কুপাইন দিয়াৰ ব্যৱস্থা কৰিবলগীয়া হৈছে।

নিজৰ ঘৰ দুৱাৰ, ভেটি মাটি উদ্ধাৰৰ বাবে চৰকাৰৰ ওপৰত আশা নকৰি কপালৰ ঘাম মাটিত পেলাই দিনটোত এইদৰে নৈৰ পাৰত বাহৰ পাৰ্কুপাইন দি জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। নৈ খনৰ খহনীয়া প্ৰতিৰোধৰ বাবে বিগত কালছোৱাত স্থানীয় বিধায়ক আব্দুল হাই নাগৰীক অৱগত কৰা হৈছিল যদিওঁ আজিলৈকে কোনো ধৰণৰ কাম নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে। এইক্ষেত্ৰত খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ দৃষ্টি গোচৰ কামনা কৰিছে অন্চলটোৰ নৈপৰীয়া ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।