এডাল সাপৰ বাবে কেৰেলাত ভোটগ্ৰহণ প্ৰক্ৰিয়া স্থগিত

 04/23/2019 - 18:20

ডিজিটেল ডেস্কঃ হঠাৎ কেৰেলাত স্থগিত হ’ল ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ৷ এডাল সাপৰ বাবে হয় এনে এক পৰিস্থিতি৷ কান্দাকাই লোকসভা সমষ্টিৰ অন্তৰ্গত কান্নুৰত সংঘটিত হয় এই ঘটনা। আজি ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকা সময়তে ভোটকেন্দ্ৰটোৰ ভিতৰত ওলাই এডাল প্ৰকাণ্ড সাপ৷

যাৰ বাবে কিছুসময়ৰ কাৰণে ভোটগ্ৰহণ কাৰ্য স্থগিত হয়৷ কিছুসময়ৰ পিছত স্থানীয় লোকৰ সহযোগত সাপডাল উলিয়াই দিয়াৰ পিছত পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয় কেন্দ্ৰটোত৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।