জলপৰীয়ে দেখুৱাব ব্ৰহ্মপুত্ৰৰ ইপাৰ-সিপাৰ

 02/25/2019 - 17:34

গুৱাহাটীঃ ব্ৰহ্মপুত্ৰৰ বুকুত উমলি থকাটো যদি আপোনাৰ সপোন তেন্তে এই সপোন দিঠকত পৰিণত কৰিব এইবাৰ জলপৰীয়ে।

জলপৰীয়ে আপোনাক ব্ৰহ্মপুত্ৰৰ বুকুত ঘূৰাই ফুৰাই লৈ ফুৰাৰ লগতে মুখৰ আগত মেলি দিব খাদ্য সম্ভাৰ। ৰব ৰব এই জলপৰী পিচে সাধুকথাৰ সেই সুন্দৰী জলপৰী নহয়, এয়া এখন জাহাজহে। যাৰ নাম এম ভি জলপৰী।

অসম পৰ্যটন ক্ষেত্ৰৰ বাবে নিশ্চয়কৈ এয়া সু-খবৰ। সুদীৰ্ঘ ৯ বছৰৰ পাছত আভ্যন্তৰীণ জল পৰিবহন বিভাগে আৰম্ভ কৰিছে 'এম ভি জলপৰী’ নামৰ জাহাজখনেৰে শুক্লেশ্বৰ ঘাটৰপৰা উমানন্দলৈ এক নতুন জাহাজ সেৱা। ইয়াত আছে ৰেষ্টুৰেণ্টৰো সুব্যৱস্থা। এক অৰ্থত ভ্ৰমণ আৰু ভোজন দুয়োটাৰে ব্যৱস্থা আছে এম ভি জলপৰীত।

প্ৰায় ৮০ জন যাত্ৰীয়ে একেলগে যাত্ৰা কৰিব পাৰিব জলপৰীত উঠি। পুৱা ১১ বজাৰ পৰা আবেলি ৪ বজালৈ শুক্লেশ্বৰ ঘাটৰপৰা উমানন্দলৈ জলপৰীয়ে সেৱা আগবঢ়াব। আবেলি ৪ বজাৰ পাছত এম ভি জলপৰীত থাকিব ভ্ৰমণকাৰীৰ সুবিধাৰ্থে আমোদ-প্ৰমোদৰ ব্যৱস্থা।

জলবিহাৰ কৰি ভালপোৱা লোকসকলৰ বাবেও এয়া এক আনন্দৰ খবৰ। এই নতুন জাহাজ সেৱাৰ জৰিয়তে অসম পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ আশা কৰিছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।