বিষাক্ত মাখিৰ কামোৰত বিভিন্ন বেমাৰত আক্ৰান্ত দিখৌমুখবাসী

 04/24/2019 - 19:21

শিৱসাগৰঃ বিষাক্ত মাখিৰ আক্ৰমণত ভীতিগ্ৰস্ত শিৱসাগৰৰ দিখৌমুখবাসী। দিখৌমুখত বিষাক্ত মাখিৰ কামোৰত বিভিন্ন বেমাৰত আক্ৰান্ত হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে ৬-৭ খন গাঁৱৰ ৰাইজ। যোৱা এটা মাহ ধৰি বিষাক্ত মাখিবিধে দিখৌমুখৰ ৰঘুবাৰী, গটঙা, নকটানীকে ধৰি ৬-৭ খন গাঁৱত উপদ্ৰৱ চলিছে মাখিবিধৰ। মাখিৰ উপদ্ৰৱত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পাঠদান ব্যাহত হৈ পৰিছে।

বিশেষকৈ দিখৌমুখ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাঠদান ব্যাহত হৈছে। ৰাইজৰ অভিযোগ মৰিদিখৌৰ আৱৰ্জনাৰ পৰা উৎপত্তি হৈছে মাখিবিধ। যোৱা বহু বছৰ ধৰি মৰিদিখৌ চাফা নকৰাৰ ফলত বিষাক্ত মাখিৰ উৎপত্তি হৈ বৃহত্তৰ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছে। উল্লেখ্য যে মাখিবিধে কামুৰিলে খজুৱতি হোৱাৰ লগতে টেমুনাৰ সৃষ্টি হয়। নিশা খজুৱতিত টোপনি নধৰা বুলি স্থানীয় লোকে জানিবলৈ দিছে।

বিষাক্ত মাখিবিধ নিৰ্মূল কৰিবলৈ স্থানীয় লোকে জিলা প্ৰশাসনক দাবী জনাই আহিছে যদিও বিশেষ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উঠিছে। কেৱল এটা মলম আৰু অলপ ধোঁৱা দিয়েই দায়িত্ব সামৰা জিলা প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা ল'বলৈ দাবী জনাইছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।