আটছা-এ চি এম এছৰ উদ্যোগত চাবুৱাত শ্ৰমিকৰ প্ৰতিবাদ

 01/13/2020 - 12:28

ডিব্ৰুগড়ঃ চাবুৱাৰ চিয়ালকটী চাহ বাগিচা খন মালিক পক্ষই আন এটা পক্ষক গোপনে বিক্ৰী কৰা কাৰ্যক লৈ গৰজি উঠিছে শ্ৰমিক সকল৷ চাবুৱাস্থিত ৱাৰেন টি ই কোম্পানীৰ অধীনৰ বাগিচাখন ১৯ কোটি টকাৰ বিনিময়ত বিক্ৰী হোৱাক কেন্দ্ৰ কৰি ক্ষোভিত হোৱাৰ উপৰি পূৰ্বৰে পৰা শ্ৰমিক সকলে পাই অহা বিভিন্ন সা-সুবিধা সমূহ পাবলৈ সক্ষম হবনে নহয় তাৰ প্ৰতি সন্দেহ প্ৰকাশ শ্ৰমিক সকলে সোমবাৰে পুৱাই বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আটছা আৰু এ চি এম এছৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে৷ বিক্ৰীৰ সন্দৰ্ভত আটছাই তিনিদিনৰ পূৰ্বে স্মাৰক পত্ৰ প্ৰদান কৰি বিষয়টো স্পষ্ট কৰিবলৈ আহ্বান জনাইছিল৷ সময় উকলি যোৱাৰ পিছত সোমবাৰে পুৱাই বাগিচা খনত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় আৰু পুনৰ দুদিন সময় সীমা বান্ধি মালিক পক্ষৰ সতে আলোচনা বিচাৰি স্মাৰক পত্ৰ প্ৰদান কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।