দেশত প্ৰচলন হ’ব নতুন ২০০ আৰু ৫০০ টকীয়া নোট

 04/25/2019 - 15:54

ডিজিটেল ডেস্কঃ দেশত প্ৰচলন হ’ব নতুন ২০০ আৰু ৫০০ টকীয়া নোট। অচিৰেই ভাৰতীয় ৰিজাৰ্ভ বেংকে মুকলি কৰিব এই নতুন নোট।

বেংকটোৱে টুইটাৰযোগে সদৰী কৰিছে এই তথ্য। জনসাধাৰণৰ মাজত প্ৰশ্ন উঠিছে নতুন নোটৰ প্ৰচলন হোৱাৰ লগে লগে অচল হৈ পৰিব নেকি পুৰণা নোটসমূহ। পিছে ভয়ৰ কোনো কাৰণ নাই।

ৰিজাৰ্ভ বেংকে স্পষ্ট কৰি দিছে যে, বজাৰলৈ নতুন নোট আহিলেও পুৰণি ২০০ আৰু ৫০০ টকীয়া নোটৰ প্ৰচলন অব্যাহত থাকিব। পূৰ্বৰ নোট সমূহতকৈ এই নতুন নোটৰ বিশেষ কোনো পৰিৱৰ্তন নহয়।

মহাত্মা গান্ধীৰ চিৰিজতে নিৰ্মাণ কৰা হ’ব নতুন ২০০ আৰু ৫০০ টকীয়া নোট। মাত্ৰ সলনি হ’ব এক স্বাক্ষৰ। বৰ্তমান দেশত প্ৰচলিত হৈ থকা ২০০ আৰু ৫০০ টকীয়া নোটত স্বাক্ষৰ আছে পূৰ্বৰ গৱৰ্নৰ উৰ্জিত পেটেলৰ। এই নতুন নোটত থাকিব আৰ বি আইৰ বৰ্তমানৰ গৱৰ্নৰ শক্তিকান্ত দাসৰ স্বাক্ষৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।