গোগামুখত সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ উদ্যোগত ৪৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি

 01/23/2020 - 14:21

গোগামুখঃ পৰম হংস শিৱনাৰায়ন স্বামীৰ দ্বাৰা সংস্থাপিত আৰু গুৰুদেৱ কালিচৰন ব্ৰহ্মই প্ৰচাৰ কৰি থৈ যোৱা সত্য সনাতন ব্ৰহ্ম ধৰ্মৰ মূল শাস্ত্ৰৰ তত্ব সমূহক ৰাইজৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰি যজ্ঞৰ মাধ্যমেৰে জগতত শান্তিৰ বাতাবৰন বিয়পাবলৈ, ধৰ্মৰ শিক্ষাৰে মানৱতাৰ জ্ঞান সৃষ্টিৰ বাতাবৰন বিয়পাবলৈ, ধৰ্মৰ শিক্ষাৰে মানৱতাৰ জ্ঞান সৃষ্টি হোৱাৰ উদ্দেশ্যেৰে এই অধিৱেশন খনি গোগামুখ মিংমাং সোনাপুৰত অনুষ্ঠিত কৰা হৈছl

অহা ৩১ জানুৱাৰী আৰু ১,২, ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া অধিবেশনৰ মূল তোৰণ, মূল মণ্ডপ, অভ্যৰ্থনা শিবিৰ, জিৰণী শিবিৰ, মূল মাংগলিক গৃহৰ কাম প্ৰায় ৭০ শতাংশ সম্পূৰ্ন হৈছে বুলি অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰভাত বসুমটাৰী আৰু সম্পাদক বানেশ্বৰ বসুমটাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে উল্লেখ্য যে ২ ফেব্ৰুৱাৰী অৰ্থাৎ সামৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে এখনি মুকলি সভাৰ দিহা কৰিছে, উক্ত মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকিব অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী চন্দন ব্ৰহ্ম, ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী ৰ লগতে ব্ৰহ্ম ধৰ্মৰ আচাৰ্যৰ লগতে ব্ৰহ্ম ধৰ্মৰ ভক্ত বৃন্দইl

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।