কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ উপেন্দ্ৰনাথ শইকীয়ালৈ ভাৰতীয় উদ্ভিদবিদ্যা পৰিষদৰ ৰাষ্ট্ৰীয় স্বীকৃতি

 01/24/2020 - 16:24

পূব বৰপেটাঃ উদ্ভিদব্যাধি সম্পৰ্কে কৰা জীৱনজোৰা গৱেষণা, শিক্ষকতা, আৰু সেই দিশত আগবঢ়োৱা নেতৃত্বপূৰ্ণ অধ্যয়নৰ বাবে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ উপেন্দ্ৰনাথ শইকীয়ালৈ ভাৰতীয় উদ্ভিদব্যাধি পৰিষদ, নতুন দিল্লীয়ে আগবঢ়াইছে ২০১৯ চনৰ IPS Recognition Award. উত্তৰ-পূব ভাৰততে প্ৰথমবাৰলৈ ড০ শইকীয়ালৈ আগবঢ়োৱা বঁটা যোৱা ১৬ জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত সংস্থাটোৰ সপ্তম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰদান কৰে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উপাধ্যক্ষ ড০ এ কে সিঙে। ড৹ উপেন্দ্ৰনাথ শইকীয়াই এই সন্মান লাভ কৰাত বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ পৰিয়ালে সুখ আৰু আনন্দ অনুভৱ কৰিছে। লগতে তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।