গোলকগঞ্জৰ আগমনিত সৰিয়হৰ মিলত দুৰ্ঘটনাঃ নিহত ১

 03/21/2020 - 16:53
 
 
গৌৰীপুৰঃ গোলকগঞ্জৰ আগমনিত সৰিয়হৰ মিলত দুৰ্ঘটনা। নিহত এজন। মিলৰ মেছিনৰ ফিতা মেৰিয়াই নিহত হয় কৰ্মচাৰীজনৰ। নিহত কৰ্মচাৰীজনৰ নাম ব্ৰজেন ৰায়, ঘৰ আগমনিৰ কালডোৱা দ্বিতীয় খণ্ড গাঁৱত। ব্ৰজেন ৰায়ে আজি পুৱা সৰিয়হৰ মিলত উপস্থিত হৈ মেছিন চলাই দিয়ে। কিন্তু হঠাৎ মেছিনৰ বেল খুলি শৰীৰত মেৰিয়াই ধৰাত নিহত হয়। তৎক্ষণাত আগমনি সমুহীয়া স্বাস্থ্যকেন্দ্রত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।