মালদা, শিয়ালদহ ৰে’লৱে প্লেটফৰ্মত শশ অসমীয়া যাত্ৰীৰ আৰ্তনাদ-আমাক উদ্ধাৰ কৰক!

 03/23/2020 - 14:19
 
 
 
 
নিউজ ডেস্কঃ আমাক উদ্ধাৰ কৰক! "শ্ৰমজিৱী এই অসমীয়া যুৱকসকল দেশৰ অন্যান্য ৰাজ্যত কৰ্মৰত, এতিয়া কৰ’ণা ভাইৰাছৰ আতংকত সকলোৱে ঘৰমুৱা হ'ব বিছাৰি কৰ্মস্থলী ত্যাগ কৰি আহি ৰে’লৱে ষ্টেচনত উপস্থিত হৈ আৰু বেছি আতংকিত হৈ পৰিল। কাৰণ, এতিয়া সকলো যাত্ৰীবাহী ৰে’ল ৩১ তাৰিখ লৈ বাতিল কৰা হৈছে। এতিয়া এই শ্ৰমিকসকল নিজৰ নিজৰ কৰ্মস্থলীলৈও উভতি যাব নোৱাৰে আৰু প্লেটফৰ্মতো ৰে’লৱে কতৃপক্ষই আজি ৰাতি ১২ টাৰ পিছত থাকিব নোৱাৰে বুলি জাননী দিছে তাতে আকৌ মালদা ৰে’লৱে ষ্টেচনৰ ওচৰে পাজৰে থকা ল'জ বোৰেও নিজ নিজ ল'জত অতিথি ৰখা বন্ধ কৰি দিছে বুলি জানিব দিছে। ফলত ভোকে পিয়াহে লঘোনে পৰি থকা এইসকল যুবক কলৈ যাব কি কৰিব হাহাকাৰত পৰিছে। ইফালে আজি পুৱাৰ পৰা লকডাউন হৈছে মালদহ। সেয়ে তেওঁলোকে অসমৰ সংবাদ মাধ্যমক বিষয়টো চৰকাৰ দৃষ্টি গোচৰ কৰাৰ লগতে চৰকাৰক তেওঁলোক অসম পাব পৰা ব্যৱস্থা কৰি দিবলৈ কাতৰ মিনতি কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।