প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ আব্দুল লতিফৰ বিয়োগ

 03/24/2020 - 14:46
 
 
 
 
 
 
নিউজ ডেস্কঃ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ আব্দুল লতিফৰ সোমবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। ১৯৪৭ চনত বাংগালুৰুত জন্মলাভ কৰা লতিফৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৩ বছৰ। দেশৰ প্ৰখ্যাত খেলুৱৈ পি কে বেনাৰ্জী, মেৱালাল, চুনি গোস্বামীৰ সৈতে ভাৰতীয় ছিনিয়ৰ পৰ্য্যায়ত সৰ্বাধিক সময় ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল লতিফে। লতিফে প্ৰতিনিধিত্ব কৰা ভাৰতীয় দলটোৱে আন্তঃৰাষ্ট্ৰীয় মাৰ্ডেকা কাপৰ উপৰি ১৯৭০ চনৰ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। তেওঁৰ মৃত্যুত অসম ফুটবল সন্থাই গভীৰ শোক প্ৰকাশ কৰে। এমাহ পূৰ্বে আব্দুল লতিফৰ পুত্ৰ প্ৰাক্তন ক্ৰিকেটাৰ আছিফ লতিফৰো ৪০ বছৰ বয়সতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।