শিশু অপহৰণ কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল তিনি যুৱক

 04/26/2019 - 19:27

হাউলীঃ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত দাৱালীয়াপাৰা গাঁৱৰ জাহেৰ আলীৰ পুত্ৰ আশিক আলী নামৰ ১২ বছৰীয়া শিশুটিক অপহৰণ কৰিবলৈ অহা তিনিজন যুৱকক স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে৷

জানিব পৰা মতে বৃহস্পতিবাৰে পুৱা ১০ বজাত অচিনাকি দুজন যুৱকে নম্বৰ প্লেটবিহীন মাৰুতী গাড়ীৰে আহি ৰাস্তাৰ দাঁতিত গাড়ীখন ৰখাই আব্দুল মজিদ নামৰ এজন লোকক আশিক আলী সম্পৰ্কে বিতংকৈ জানিব বিচৰাত পৰিয়ালৰ লোকৰ মনত সন্দেহৰ সৃষ্টি হয়৷ পিছত অচিনাকী যুৱক দুজন তাৰ পৰা গুচি আহি দাৱালীয়াপাৰা চ'কত আশিকক অপহৰণ কৰাৰ বাবে দীৰ্ঘ সময় ধৰি খাপ পিটি বহি থাকে৷

এনেতে আশিকৰ মাক আনোৱাৰা খাতুনে সিহঁতৰ চাল-চলনত সন্দেহ হোৱাত হাউলী আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অৱগত কৰে৷ পিছত হাউলী আৰক্ষীৰ বিশেষ তৎপৰতাত আৰু স্থানীয় ৰাইজৰ সহযোগত হাউলী বৰপেটা পথত গাড়ীৰ চালকসহ যুৱক দুজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷

আটকাধীন যুৱককেইজন কালপানীৰ আবুল হুছেইনৰ পুত্ৰ মকিবুল ইছলাম (২৪), ছুনবাৰীৰ ছামাদ আলীৰ পুত্ৰ ছাদ্দাম আলী(১৯)ছুনবাৰী আৰু ২নং বৰদলনীৰ ইউনিছ আলীৰ পুত্ৰ মহিদুল ইছলাম(১৯) বুলি জানিব পৰা গৈছে৷ এওঁলোকৰ বিৰুদ্ধে হাউলী আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৫/৫১১ ধাৰাত ১৭৩/১৯ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰা হৈছে বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন গোস্বামীয়ে জানিবলৈ দিয়ে৷

আটকাধীন যুৱক তিনিজনৰ বিৰুদ্ধে অধিক জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে৷ উক্ত যুৱককেইজনে মানৱ দেহৰ বিভিন্ন অংগ ব্যৱসায়ীৰ লগত জড়িতৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে৷ উল্লেখ্য যে আশিক আলী দাবালীয়াপাৰা আঞ্চলিক হাই মাদ্ৰাছাৰ সপ্তম শ্ৰেণীৰ ছাত্র বুলি জানিব পৰা গৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।