তামাৰহাটত স্থানীয় খেতিয়কক বঞ্চিত কৰি পশ্চিমবঙ্গৰ পৰা পাচলি ক্ৰয়

 04/08/2020 - 15:59

গোলকগঞ্জ: লগডাউনৰ ফলত সকলো খেতিয়কৰ মাজত এক হাহাকাৰ পৰিস্থিতি । কৃষকৰ দুৰৱস্থাৰ দেখি গোলকগঞ্জ চক্ৰ বিষয়াই "উদয়ন স্বেচ্ছাসেৱী" নামৰ বে-চৰকাৰী সংস্থা এটাক স্থানীয় কৃষকৰ পৰা পাচলি লৈ ঘৰে ঘৰে যোগান ধৰাৰ অনুমতি প্ৰদান কৰে ।

কিন্তু সংস্থাটোৱে স্থানীয় কৃষকক বঞ্চিত কৰি আধিক লাভৰ উদ্দেশ্যে বহিঃৰাজ্য তথা পশ্চিমবঙ্গৰ পৰা পাচলি আনি যোগান ধৰিছে অসমত। ফলত স্থানীয় কৃষকৰ শ শ বিঘাৰ পাচলি নষ্ট হৈছে খেতিপথাৰতে। 

লকডাউনৰ বাবে ৰাইজে গৃহবন্দী হৈ থকা বাবে স্থানীয় ৰাইজৰ সুবিধাৰ্থে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত হৰিপুৰ গাঁৱত থকা  "উদয়ন স্বেচ্ছাসেৱী সংস্থাই " তামাৰহাট অঞ্চলৰ ৰাইজৰ মাজত পাচলি যোগান দিয়াৰ বাবে গোলকগঞ্জ ৰাজহ চক্ৰৰ পৰা এক অনুমতি পত্ৰ লাভ কৰে ।

উল্লেখ্য যে অনুমতি প্ৰদানৰ সময়ত ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে স্থানীয় খেতিয়কে উৎপাদন কৰা পাচলিবোৰ ক্ৰয় কৰি স্থানীয় ৰাইজৰ মাজত বিক্ৰী কৰিব বুলি অনুমতি পত্ৰত উল্লেখ থাকে।

কিয়নো যাৰ ফলত স্থানীয় খেতিয়কসকলে তেওঁলোকৰ উৎপাদিত পাচলিবোৰ বিক্ৰী কৰাৰ সুবিধা পাব আনহাতে ৰাইজেও ক'ৰণাৰ পৰা সতৰ্কতা অবলম্বনত সহায়ক হ'ব । এনে এক গুৰুত্বপূৰ্ণ চিন্তা কৰিয়ে বিষয়া গৰাকীয়ে সংস্থাটোক পাচলি কিনা-বেচাৰ অনুমতি দিয়ে।

কিন্তু অনুমতি পোৱা সংস্থাটোয়ে অনুমতি লাভ কৰাৰ পাছত স্থানীয় দূৰৰ কথা বহি:ৰাজ্যৰ পশ্চিমবঙ্গৰ পৰা পাচলি ক্ৰয় কৰি হাতীধূৰা বজাৰত ৰমৰমীয়া বেহা চলাইছে। আনফালে তামাৰহাট পাগলাহাট অঞ্চলৰ স্থানীয় খেতিয়কসকলৰ পাচলিবোৰ খেতিপথাৰতে নষ্ট হৈ আছে ।

পাচলি খেতি কৰা এইসকল খেতিয়কে উৎপাদিত পাচলি বিক্ৰী কৰিব নোৱাৰি মুৰে কপালে হাত দিব লগা হৈছে। উপায়হীন খেতিয়কসকলে সংশ্লিষ্ট বিভাগক তদন্তক্ৰমে কিবা এটা বিহিত ব্যৱস্থা কৰাৰ বাবে দাবী জনাইছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।