২৯ এপ্ৰিলত নিৰ্বাচনৰ বাবে বন্ধ থাকিব কাৰ্নিবিল চিত্রগৃহ

 04/27/2019 - 19:51

ডিজিটেল ডেস্ক: দেশত বৰ্তমান ইলেকচনৰ বতাহ বলিছে আৰু ইয়াৰ লগত সংগতি ৰাখিয়েই মহাৰাষ্ট্ৰৰ ১৭ নং লোকসভা চীটৰ বাবে ২৯ এপ্ৰিলত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। মুম্বাইত ২৯ এপ্ৰিলত প'লিঙৰ দিনা কাৰ্নিবিল চিত্রগৃহ সমূহত এখনো ছবি প্ৰদৰ্শন নহ'ব বুলি জানিব পৰা গৈছে।

চিত্রগৃহ সমূহ যিহেতু ম'লসমূহৰ ভিতৰত সেইবাবে সন্ধিয়া ৫ বজালৈ বন্ধ থাকিব ম'লসমুহৰ লগতে চিত্রগৃহ সমূহো। যিহেতু ভোটদান কৰাটো প্ৰত্যেক ভাৰতীয় নাগৰিকৰ অধিকাৰ সেইবাবে চৰকাৰী বেচৰকাৰী সকলো প্ৰতিষ্ঠানসমূহক বন্ধ ৰাখিবলৈ আহ্বান জনায় প্ৰশাসনে।

এতিয়া চিত্রগৃহসমূহ বন্ধ ৰখাৰ লগে লগে প্ৰত্যেকজন পৰিচালক চিন্তিত হৈ পৰিছে। কাৰণ এদিন বন্ধ মানে বহু লোকচানৰ সন্মুখীন হোৱা। কাৰ্নিবিলৰ অধ্যক্ষ ৰাহুল কদবেটে জনোৱা মতে ২.২৫ লাখ টিকত এতিয়ালৈ বিক্ৰী হৈছে। আমাৰ লগতে আৰু এতিয়া ১০০তকৈ বেছি চহৰত প্ৰতিদিনে ১০০০ তকৈ বেছি ছবি প্ৰদৰ্শন হয়।

যিটো এদিন বন্ধৰ বাবে পৰিচালকসমূহ বিপদত পৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।