বঙাইগাঁৱত চোৰাং চাউলৰ ৰমৰমীয়া ব্যৱসায়

 04/16/2020 - 14:04

বঙাইগাঁওলকডাউনৰ মাজতে নামনি অসমত চোৰাং চাউলৰ ৰমৰমীয়া ব্যৱসায়। নিশা বঙাইগাঁৰ লেংটিছিঙাত আৰক্ষীয়ে জব্দ কৰিলে দুখনকৈ চোৰাং চাউল ভৰ্তি বলেৰ' পিকআপ ভান। গাড়ীৰ নং AS15 AC 0512 আৰু AS 19 C 2347। আৰক্ষীয়ে আটক কৰে গাড়ীৰ চালকসহ চাৰিজন লোকক।

বৰপেটাৰ পৰা গোৱালপাৰা অভিমুখে গৈ আছিল গাড়ী দুখন। চালকে জনোৱা মতে ৫০ কিলোগ্ৰামৰ মুঠ ৬৪ টা বস্তা আছে গাড়ী দুখনত। চাউলখিনি মইনবড়ীৰ জনৈক ছহীদুল ইছলাম নামৰ ব্যৱসায়ী গৰাকীয়ে প্ৰেৰণ কৰিছিল।

ছাহিদুল ইছলাম (শ্ৰমিক) জাহিদুল ইছলাম (চালক), জাকিৰ হুছেইন (চালক) আৰু ছফিকুল ইছলাম (শ্ৰমিক) নামৰ লোককেইজনক আটক কৰা হয়

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।