অখিল গগৈৰ মুক্তিৰ দাবীত অৱস্থান ধৰ্মঘট মটক ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা যুগল বৰুৱাৰ

 04/16/2020 - 18:48

ডিব্ৰুগড়ঃ অসমীয়া জাতিটোৰ হকে মাত মাতি বাৰম্বাৰ কাৰাবন্দী হৈ থকা অসমৰ অন্যতম জাতীয়তাবাদী কৃষক নেতা অখিল গগৈক কাৰাগাৰৰ পৰা মুকলি কৰি নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ সচেতন ব্যক্তিসকলৰ লগতে সদৌ অসম মটক ছাত্ৰ সন্থা।

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ সচেতন নাগৰিক তথা জাতীয়তাবাদী সৈনিক সকলে ঘৰে ঘৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি থকা সময়তে বুধবাৰে সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা যুগল বৰুৱাই নিজ বাসগৃহতে কৃষক নেতাজনৰ মুক্তিৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

অসমৰ খাটিখোৱা ৰাইজৰ হকে, অসমীয়া জাতিটোৰ হকে মাত মাতি বাৰম্বাৰ কাৰাগাৰৰ আলহী হোৱা অখিল গগৈক ষড়যন্ত্ৰমূলক ভাৱে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰে ইটোৰ পিছত সিটো ভূৱা গোচৰ জাপি বন্দি কৰি ৰখা অখিল গগৈক মুক্তি নিদিয়ালৈকে তলাবন্ধক সন্মান জনাই সমূহ অসমবাসী ৰাইজক ঘৰৰ পৰাই অবিৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী চলাই নিবলৈ সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা যুগল বৰুৱাই আহ্বান জনায়।

আনহাতে অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও সচেতন ব্যক্তিসকলে নিজৰ ঘৰৰ চৌহদৰ ভিতৰত সামাজিক দূৰত্ব বজাই ৰাখি একাংশ লোকে সুবিধাজনক ঠাইত বহি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।