মাতৃত্বত কলংকঃ দলগাঁৱৰ শিয়ালমাৰীত উদ্ধাৰ নৱজাতক শিশু

 04/17/2020 - 14:46

দলগাঁওপুনৰ মাতৃত্বক কলংকিত কৰি তোলা এক লজ্জাজনক ঘটনা সংগঠিত হৈছে দলগাঁৱৰ শিয়ালমাৰীত। সাময়িক যৌন চাহিদা পূৰাবলৈ এজন নিষ্পাপ শিশুক হত্যা। দলগাঁও থানাৰ অন্তৰ্গত শিয়ালমাৰী সংঘটিত হয় মানৱ সমাজক লজ্জানত কৰা ঘটনা।

প্ৰাপ্ত খবৰ অনুসৰি, আজি সন্ধিয়া ৬ বজাত ২ নং শিয়ালমাৰী দলঙৰ ওপেৰেদি পাৰ হৈ যোৱা AS 02F 5812 নম্বৰৰ এখন এল্টো গাড়ীৰ পৰা খিৰিকীৰে দলিয়াই দিয়ে নৱজাতক শিশুটিক। স্থানীয় গাঁওৰক্ষী বাহিনীৰ আব্দুল হামিদ আৰু ছহিদুল ইছলামে ঘটনাটো প্ৰত্যক্ষ কৰি আৰক্ষীক খৱৰ দিয়ে। শিশুটিক জীৱিত অৱস্থাত পেলাই থোৱা বুলি জানিৱ পৰা গৈছিল যদিও অলপ সময় পিছতে মৃত্যু হয়। 

কোনো অজ্ঞাত হৃদয়হীন পাষাণ মাতৃয়ে নিজৰ কলংক মচিবলৈ গৈ এনেদৰে শিশুটিক দলঙৰ তলত পেলাই থৈ যোৱা বুলি সন্দেহ কৰা হৈছে। স্থানীয় গাঁওৰক্ষী বাহিনী আৰু ৰাইজে শিশুটি উদ্ধাৰ কৰি দলগাঁও আৰক্ষীক গতাই দিয়ে। লকডাউন উলংঘা কৰি উক্ত গাড়ীৰে লৈ আহিছিল শিশুটিক। মাতৃৰ গৰ্ভতেই শিশুটিৰ বয়স চাৰি মাহ হৈছিল বুলি জানিব পৰা গৈছে।

সম্প্ৰতি দলগাঁও আৰক্ষীয়ে চালক সহ গাড়ীখন আটক কৰি জেৰা অব্যাহত ৰাখিছে। কিমান নিৰ্দয় হ'লে এজনী মাতৃয়ে নিজৰ গৰ্ভস্থ সন্তান পেলাই দিব পাৰে তাক লৈ ব্যাপক চৰ্চা চলিছে। প্ৰশ্ন হৈছে- আৰক্ষীৰ তদন্তৰ পোহৰলৈ আহিবনে গৰ্ভ কলংকিত কৰা সেই পাষাণ মাতৃ? গৰ্ভপাত কৰোৱাটো আইনমতে দণ্ডনীও অপৰাধ। পিছে সাৰি যাব নেকি গৰ্ভপাত কৰোৱা চিকিৎস্যক, নাৰ্ছ? সাময়িক যৌন চাহিদা পূৰণ কৰিবলৈ এজন নিষ্পাপ শিশুক হত্যা কৰাটো কিমানদূৰ যুক্তিসংগত? কি দোষ আছিল শিশুটিৰ? সেই লৈ সচেতন মহলৰ মাজত দেখা গৈছে তীব্ৰ ক্ষোভ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।