বৰপেটাত ভয়ংকৰ অগ্নিকাণ্ড

 04/17/2020 - 15:23

নগৰবেৰা: লকডাউনৰ সময়ত বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত নিৰলা চৰ গাঁৱত নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। গাঁওখনৰে শ্বাহজাহান আলীৰ ঘৰৰ পৰা সূত্ৰপাত হোৱা এই অগ্নিকাণ্ডত ৰহিম বাদশা, শুকুৰ আলী, আফছাৰ আলী, স্বাজেল আৰু ইউনুছ আলীৰ সৰ্বমুঠ সাতটাকৈ টিনপাতৰ ঘৰ সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়।

এই অগ্নিকাণ্ডত কেবাটাও পশুধনৰ মৃত্যু হোৱাৰ লগতে ছাইকেল, বাইক আৰু বৃহৎ পৰিমাণৰ ধান চাউলৰ উপৰি নগদ ধন জুইত জাহ যায়। এই ভয়ংকৰ অগ্নিকাণ্ডত পৰিয়াল কেইটাৰ প্ৰায় ১৫ লক্ষাধিক টকাৰ সা সম্পত্তি সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।