হোজাইৰ ডবকাত যোগান বিভাগৰ চাউল বিতৰণত ব্যাপক অনিয়ম

 04/18/2020 - 14:33

ডবকা: লকডাউনৰ আজি ২৫ দিন৷ এই লকডাউনৰ সময়ত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছে দুখীয়া ৰাইজে৷ ৰাইজক কিছু পৰিমানে সকাহ দিয়াৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে যোগান বিভাগৰ জৰিয়তে বিনামূলীয়াকৈ চাউল বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে৷

কিন্তু এই চাউল বিতৰণৰ নামত হোজাই জিলাৰ বিভিন্ন প্ৰান্তত সুলভ মূল্যৰ দোকানীয়ে অনিয়ম সংগঠিত কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ এই দৃশ্য হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অধীনৰ হালধিআটী তপতজুৰি গাঁৱৰ৷ এই গাঁৱৰ দুখীয়া এইসকল লোকক গাঁৱখনত থকা নীলবাগান সমবায় সমিতিৰ অধীনত থকা মাহমুদা বেগম নামৰ সুলভ মূল্যৰ দোকানীকগৰাকীয়ে ৰাইজৰ বাবে আৱন্তিত চাউল, নিৰ্দ্দিষ্ট পৰিমানতকৈ কমকৈ দি়য়াৰ অভিযােগ উত্থাপিত হৈছে৷

সুলভ মূল্যৰ দোকানী গৰাকীয়ে ২-৩ কিলোগ্ৰামকৈ চাউল কাটি ৰখাৰ অভিযোগ কৰিছে গাঁওখনৰ ৰাইজে৷ তেওঁলোকে এই বিষয়ে প্ৰতিবাদ কৰিলে ওলোটাকৈ সুলভ মূল্যৰ দোকানীজনে কাৰ্ডখন বাতিল কৰাৰো ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে৷

ৰাইজৰ এই দুৰ্যোগৰ সময়ত এনেদৰে সুলভ মূল্যৰ দোকানী গৰাকীয়ে কৰা অনিয়ম সহজে লব পৰা নাই স্থানীয় ৰাইজে৷ অতিশীঘ্ৰে এই দুৰ্নীতিপৰায় দোকানীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহন কৰিবলৈ চৰকাৰ তথা হোজাই জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।