উদয়ন আৰু গ্ৰেটাৰ লালগণেশ সাৰ্বজনীন পূজা কমিটিৰ যৌথ প্ৰয়াস: আৰ্তজনলৈ সহায়

 04/18/2020 - 17:23

উত্তৰ গুৱাহাটী: "মানুহে মানুহৰ বাবে" ভূপেন দাৰ গীতেই কয় মানৱ জীৱনৰ সামাজিক লক্ষ্য বিপদ সময়ত মানবীয়তা প্ৰদৰ্শন কৰা। বিপদৰ সময়ত এজনে আনজনক সহায় কৰা। এই আদৰ্শ আৰু নীতিক লক্ষ্য হিচাপে বাচি লৈ উদয়ন আৰু গ্ৰেটাৰ লালগণেশ সাৰ্বজনীন পূজা কমিটিয়ে যৌথভাৱে গুৱাহাটীৰ লালগণেশ অঞ্চলৰ বিভিন্ন এলেকাৰ প্ৰায় ৪৫০ পৰিয়ালৰ বাবে খাদ্য সামগ্ৰী বিতৰণ কৰে।

এই সম্পূৰ্ণ কাৰ্য্যসূচী মনোজ ৰয়, শিল্পী ৰয়, ৰঞ্জিত শীল, পম্পি দাস, শম্ভূ দাস, আৰু সৌৰভ দাসৰ সুন্দৰ ব্যৱস্থাপনাত সম্পূৰ্ণ কৰা হয়। এই ৪৫০ টা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰোতে শাৰীৰিক আৰু আৰ্থিক সহায়ৰ হাত আগবঢ়োৱা শুভাকাংক্ষীসকল ক্ৰমে অসীম ঘোষ, অনু ৰয়, জবা চৌধুৰী, প্ৰতাপ সাহা, কাৰ্তিক দে, অলি চৌধুৰী, অনুৰাধা দে, ৰেষ্মী বৰুৱা, শিৱ শংকৰ সাহা, বৰুণ বিশ্বাস, কিষাণ ৰয়, ৰীনা ভট্টাচাৰ্য্য, ৰমা ছেত্ৰী, হেপি ৰয়, সঞ্জীৱ চক্ৰৱৰ্তী, শাণু দাস, দিগন্ত বুঢ়াগোহাঁই, মিঠুন পাল, পিংকি মজুমদাৰ, বাসন্তী মজুমদাৰ, সঞ্চইতা মজুমদাৰ, দীপক শীল, সুমিত সাহা, নদীয়া নিধি ভট্টাচাৰ্য্য, শংকৰ পদ্দাৰ, তাপশ সাহা, তাপশ নাগ, জহৰ দাস, গমন দাস, মেনকা বৰ্মন শীল, দিবাকৰ দে। 


উদয়ন আৰু গ্ৰেটাৰ লালগণেশ সাৰ্বজনীন পূজা কমিটিৰ তৰফৰ পৰা সকলো শুভাকাংক্ষীক অলেখ ধন্যবাদ জনাইছে। আগন্তুক সময়তো লকডাউনৰ বাবে যিসকলে অভাৱত ভুগিছে তেওঁলোকক সহায় আগবঢ়োৱা হব বুলি সংস্থাটোৱে জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।