লোকসভা নিৰ্বাচনৰ পূৰ্বে খানাপাৰাত ৰাহুল গান্ধী

 02/26/2019 - 20:03

গুৱাহাটী : লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটিমান দিন বাকী থকাৰ মুহূৰ্ততে গুৱাহাটীত ৰণশিঙা বজালে ৰাহুল গান্ধীয়ে। গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হোৱা জনসভাত ৰাহুল গান্ধীয়ে দিয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি। ভাষণৰ আৰম্ভণিতে সুৰা ট্ৰেজেডীত শতাধিকৰ মৃত্যুত শোকপ্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। আনহাতে জন্মু-কাশ্মীৰৰ পুলৱামাত ছহিদ হোৱা অসম সন্তান মনেশ্বৰ বসুমতাৰীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কংগ্ৰেচৰ সভাপতিগৰাকীয়ে।

ইপিনে মঙলবাৰে পুৱতি নিশা পাকিস্তানৰ ওপৰত আক্ৰমণ চলোৱা বায়ুসেনাৰ জোৱানক অভিনন্দন জনায় ৰাহুলে। আজিৰ এই জনসভাত কেইটামান নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়ে এইসভাত উপস্থিত থকা কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে। তেওঁ কয় যে উত্তৰ-পূৱৰ ৰাইজৰ ৰক্ষাৰ বাবে সদায় কংগ্ৰেছ থাকিব। অসমৰ কৃষ্টি সংস্কৃতি কংগ্ৰেছে ৰক্ষা কৰিব। মেক ইন ইণ্ডিয়াৰ কথা বিজেপিয়ে কয় কিন্তু একো কৰা নাই দলটোৱে।

কংগ্ৰেছ ক্ষমতালৈ আহিলে জাগীৰোডৰ পেপাৰ মিল আকৌ খুলিব, অসমৰ বান-গৰাখহনীয়া সমস্যা সমাধান কৰা হ’ব। উত্তৰ পূৱৰ যুৱ চামৰ বাবে ভাৰতৰ যিকোনো ঠাইতে শিক্ষালাভ সম্ভৱ হ'ব। ১৫বছৰ শাসনৰ পিছতে তেওঁ এই বুলি মন্তব্য কৰে যে কংগ্ৰেছৰ এতিয়াও বহুতো কৰিবলগীয়া কাম আছে। আজি কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে গুৱাহাটী খানাপাৰাত অনুস্থিত হোৱা জনসভাত দিল্লীৰ পৰা পোনে পোনে উপস্থিতি হৈ এপল’ হস্পিতালত অৰুণাচলত দেউৰী আৰু দিমাচা সকলক পিআৰচি দিয়াৰ নামত যি আন্দোলন সৃষ্টি হয় আৰু তাৰ ফলত যি সকল আহত হৈছিল তেওঁলোকৰ খবৰ লয়। শেষত কয় যে মোডীৰ চলাহী কথাই সৰ্বকাললৈ ৰাইজক সপোন দেখুৱাই থাকিব নোৱাৰে। আহি থকা বিজেপি দল তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মিথ্যাচাৰৰ প্ৰত্যুত্তৰ দিব দেশৰ জনতাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।