গোলাঘাট জনতা সাহায্য অভিযানৰ শুভাৰম্ভ: এক শতাধিক লোকৰ ঘৰত সাহায্য প্ৰদান

 04/24/2020 - 15:34

গোলাঘাট: লকডাউনৰ প্ৰভাৱত আৰ্তনাদত ভোগা ৰাজ্যৰ যিসকল দৰিদ্ৰ লোকে কোনো ধৰণৰ সাহায্য লাভ কৰা নাই, তাৰ পৰিপ্ৰেক্ষিতত কালি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৰাজ্যজুৰি আছুৰ বিভিন্ন আঞ্চলিক সমূহলৈ আহ্বান কৰা জনতা সাহায্য অভিযানৰ শুভাৰম্ভ কৰে গোলাঘাট আঞ্চলিক ছাত্র সন্থাই। প্ৰায় ১০০ ঘৰ দৰিদ্ৰ লোকৰ ঘৰে ঘৰে গৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী প্ৰদান কৰে সমিতিখনে।

উল্লেখ্য যে সভাপতি অংশুমান বৰুৱা আৰু সাধাৰণ সম্পাদক বিশ্বজীত গগৈৰ নেতৃত্বত গোলাঘাট আঞ্চলিক ছাত্র সন্থাৰ অন্তৰ্গত চেলেঙী গাঁৱত প্ৰদান কৰা হয় এই সাহায্য। পৰৱৰ্তী সময়ত জিলাখনৰ বিভিন্ন আঞ্চলিক সমিতিয়ে সংশ্লিষ্ট অঞ্চলসমূহতো অনুৰূপ কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে সদৌ গোলাঘাট জিলা ছাত্র সন্থাৰ বিষয়ববীয়া সকলে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।