মৰিগাঁৱৰ পৰা আহি দৰঙত আত্মগোপন তিনি ব্যক্তিৰ

 04/24/2020 - 18:51

খাৰুপেটীয়া: ক'ৰণা ভাইৰাছৰ আতঙ্কত এতিয়া নিদ্ৰাহৰণ হৈছে দৰঙৰ খাৰুপেটীয়াত। ৰাজ্যৰ প্ৰশাসনে Red Zone হিচাপে ঘোষণা কৰা মৰিগাঁৰ পৰা Green Zone দৰঙত আহি আত্মগোপন কৰি আছে তিনিজন ব্যক্তি। দৰঙৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত বলগোড়া গাঁত আত্মগোপন কৰি আছিল ব্যক্তিকেইজন।

জিলা প্ৰশাসনক খবৰ দিয়াৰ পিচত চিকিৎসকৰ দল এটা আহি ক'ৰণা ভাইৰাছৰ সন্দেহত লোক কেইজনক Home Quarantine ৰাখি দিয়ে। মৰিগাঁৱৰ পৰা অহা ব্যক্তিকেইজন ক্ৰমে ৰাজু চৌহান, চম্পা চৌহান আৰু কন্দোলীয়া চৌহানক কাইলৈ ক'ৰণা টেষ্ট কৰা হব বুলি আশ্বাস দিয়ে চিকিৎসকৰ দলটোৱে। তাৎপৰ্যপূৰ্ণ কথা হ'ল চৰকাৰৰ কঠোৰ নিৰ্দেশনা পাছতো বন্ধ হোৱা নাই Red Zone মৰিগাঁও আৰু Green Zone দৰংৰ মাজত চলাচল কৰা যন্ত্ৰ চালিত নাওঁ। 

আৰক্ষী প্ৰশাসনক বুঢ়া আঙ্গুলি দেখুৱাই ব্ৰহ্মপুত্ৰ নদীত অব্যাহত আছে ফেৰী আৰু নাওঁ চলাচল। Red Zone হিচাপে ঘোষণা কৰা মৰিগাঁও জিলাৰ পৰা Green Zone দৰঙ জিলাত চৌহান উপাধিৰ ব্যক্তি তিনিজন আত্মগোপন কৰি থকাত অঞ্চলজুৰি আতঙ্কৰ সৃষ্টি হৈছে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।