জুৰীয়া উন্নয়ন খণ্ডৰ তিনিচুকীয়া আৰু চতিয়ান গাঁও পঞ্চায়তত বিনামূলীয়া চৰকাৰী চাউল বিতৰণ

 04/27/2020 - 18:43

জুৰীয়া: ক'ৰণাৰ আতংকত সমগ্ৰ দেশ লকডাউন হৈ থকাৰ পৰিপ্ৰেক্ষিতত স্তব্ধ হৈ পৰিছে জন জীৱন। লকডাউনৰ সময়ছোৱাত ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ মাজত দেখা দিছে ব্যাপক আৰ্থিক দীনতাই। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত নথকা বা ৰেচন কাৰ্ড নথকা অতি দৰিদ্ৰ পৰিয়ালক শেষতীয়াকৈ ৰাজ্য চৰকাৰে এক হাজাৰ টকীয়া এককালীন সাহায্য প্ৰদানৰ লগতে এনে পৰিয়ালৰ মাজত বিনামূলীয়া চাউল বিতৰৰ ব্যৱস্থা কৰিছে।

আজি জুৰীয়া উন্নয়ন খণ্ডৰ পঞ্চায়ত সমূহত বিনামূলীয়া চাউল বিতৰৰ শুভাৰম্ভ কৰা হয়। আজি প্ৰথম দিনা উন্নয়ন খণ্ডৰটোৰ তিনিচুকীয়া আৰু চতিয়ান গাঁও পঞ্চায়তৰ ৰেচন কাৰ্ড নথকা অতি দৰিদ্ৰ পৰিয়ালৰ মাজত বিনামূলীয়া চৰকাৰী চাউল বিতৰ কৰা হয়।

ৰেচন কাৰ্ড নথকা অতি দৰিদ্ৰ পৰিয়ালৰ প্ৰতিজন প্ৰাপ্ত বয়স্ক লোকক ৫ কেজিকৈ আৰু প্ৰাপ্ত বয়ষ্ক নোহোৱা প্ৰতিজন সদস্যক ৪ কেজি ৫০০ গ্ৰামকৈ চাউল বিতৰ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.