কভিড-19 ত আক্ৰান্ত অসমৰ চি আৰ পি এফ জোৱানৰ মৃত্যু

 04/29/2020 - 15:17

বৰপেটা: বৰ্তমান সময়ত বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক'ৰণা ভাইৰাছ দেশব্যাপী বিয়পি পৰিছে। এই পৰ্যন্ত আমাৰ ৰাজ্যত আক্ৰান্ত হৈছে ৩৭ জন। তেনে সময়ত এই মহামাৰীয়ে প্ৰাণ ললে এগৰাকী চি আৰ পি এফ জোৱানৰ। 

বৰপেটা জিলাৰ সৰুপেটা থানাৰ অন্তৰ্গত বৰবড়িৰ নিবাসী আছিল মৃত চি আৰ পি এফ জোৱান ইক্ৰাম হুছেইন। কৰ্মসূত্ৰে দিল্লীত আছিল জোৱানজন। কৰ্তব্যৰত অৱস্থাতেই এই মহামাৰীয়ে আক্ৰমণ কৰিছিল জোৱানজনক।

যোৱা ২৩ এপ্ৰিল তাৰিখে জোৱানজনৰ দেহত ধৰা পৰিছিল ক'ৰণাৰ অৱস্থিতিৰ কথা। কিন্তু অৱশেষত ক'ৰণাৰ বিৰুদ্ধে যুঁজি চিৰবিদায় ললে চি আৰ পি এফ জোৱান ইকৰাম হুছেইনে। 

এই খবৰে এতিয়া সমগ্ৰ বাৰপেটাতেই শোকৰ ছাঁ পেলাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।