চৰাইদেউত বিষাক্ত কাঠফুলা খাই এগৰাকীৰ মৃত্যু

 05/01/2020 - 12:55

চৰাইদেউচৰাইদেউৰ সাপেখাতীত বিষাক্ত কাঠফুলা খাই এগৰাকীৰ মৃত্যু হোৱাৰ উপৰি একেটা পৰিয়ালৰ আৰু তিনিগৰাকী অসুস্থ হৈ বৰ্তমান ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে৷ বিষাক্ত কাঠফুলা ভক্ষণ কৰি মাতৃ শুৱলা বড়া (৩২) ডিব্ৰুগড়তে চিকিৎসাধীন অৱস্থাত কিছু সময় পূৰ্বে মৃত্যু হোৱাৰ উপৰি পিতৃ বিখেশ্বৰ বড়া (৩৪ ) আৰু কন্যা-পুত্ৰ ক্ৰমে হিমাদ্ৰী বড়া (১৪) আৰু দেৱজিৎ বড়া (৯) বৰ্তমান চিকিৎসাধীন৷

প্ৰথম পৰ্যায়ত পৰিয়ালটোৱে বিষাক্ত কাঠফুলা খোৱাৰ কথা চিকিৎসকৰ পৰা লুকুৱাই ৰাখে যদিও পৰৱৰ্তী পৰ্যায়ত আটাইৰে স্বাস্থ্যৰ অৱনতি ঘটাত সমগ্ৰ ঘটনাৰ বিষয়ে জানিবলৈ দিয়ে ৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।