বঙাইগাঁৱত শিহৰণকাৰী হত্যাকাণ্ড: পিতৃয়ে ঘপিয়াই হত্যা কৰে পুত্ৰক

 05/02/2020 - 13:13

বঙাইগাঁও: লকডাউনৰ মাজতে বঙাইগাঁৱত শিহৰণকাৰী হত্যাকাণ্ড৷ সদৰ থানাৰ সমীপত কনটেইনমেন্ট জনত পিতৃয়ে ঘপিয়াই হত্যা কৰে পুত্ৰক শুক্ৰবাৰে নিশা ৯ মান বজাত সদৰ থানাৰ সমীপৰ হোটেল কনিষ্কৰ সমীপত সংঘটিত কৰে এই শিহৰণকাৰী ঘটনা 

পুৰঞ্জয় নাথ নামৰ লোকজনে পুত্ৰ কৰ্নৱজ্যোতি মেধিক ৰাজপথত উলিয়াই আনি চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে কৰ্নৱজ্যোতি ড্ৰাগছ আসক্ত বুলি স্থানীয় ৰাইজে সদৰি কৰিছে পুৰঞ্জয় নাথ প্ৰাক্তন আলফা সদস্য৷ পুত্ৰৰ ধনদাবী তথা অত্যাচাৰ সহ্য কৰিব নোৱাৰি পিতৃয়ে এই ঘটনা সংঘটিত কৰে বুলি প্ৰকাশ পাইছে৷ নিশাই পুৰঞ্জয় নাথে বঙাইগাঁও সদৰ থানাত আত্মসমৰ্পণ কৰি পুত্ৰৰ অপকৰ্মৰ কথা প্ৰকাশ কৰিছে 

উল্লেখ্য যে ঘটনা সংঘটিত হোৱাৰ পিছতে জিলাখনৰ আৰক্ষী অধীক্ষক সিংহৰাম মিলি, উপ আৰক্ষী অধীক্ষক মৈত্ৰী ডেকা ঘটনাস্থলীত উপস্থিত হৈছিল আৰু এয়া কাজিয়াৰ পৰিণতিত এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সদৰি কৰিছিল যদিও তেতিয়ালৈ হত্যাকাৰী চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাছিল৷

অৱশ্যে মাজনিশা পিতৃ পুৰঞ্জয় নাথ বঙাইগাঁও সদৰ থানাত আত্মসমৰ্পন কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে৷ ঘটনা সংঘটিত হোৱাৰ পিছতে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷

ঘটনাটোৱে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে বঙাইগাঁৱত৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।