05/12/2020 - 17:58
in
বিশ্বনাথ: যিটো সময়ত দেশত দ্ৰুতহাৰত বৃদ্ধি পাইছে ক'ৰণা সংক্ৰমিত লোকৰ সংখ্যা, দৈনিক মৃত্যু মূখত পৰিছে হাজাৰ হাজাৰ লোক তেনে সময়তে দেশ তথা ৰাজ্যৰ কঠোৰ নিৰ্দেশনা তলাবন্ধৰ দৰে নিৰ্দেশনাকো চৰম ভেঙুচালি বিশ্বনাথবাসীৰ৷ প্ৰসাশনৰ নিয়ম-নিৰ্দেশনাক অমান্য কৰি ওলাই আহিল হাজাৰ হাজাৰ লোক৷ যান-বাহনৰে ভৰি পৰিল বিশ্বনাথ চহৰৰ ৰাজপথ ৷ নাই কোনো সামাজিক ব্যৱধান, নাই কোনো প্ৰশাসনৰ ভ্ৰূক্ষেপ৷ যেন সকলো স্বাভাৱিক অৱস্থাত আছে ৷
আজিৰ এনে দৃশ্যৰ বাবে সংকিত হৈ পৰা পৰিলক্ষিত হৈছে বিশ্বনাথৰ সচেতন মহল ৷