05/01/2020 - 14:47
in
বঙাইগাঁও: বঙাইগাঁৱত ৬১ জনক হোম কোৱাৰেন্টাইন৷ বঙাইগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু চাপৰাকাটা ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰ চীল৷ চিকিৎসালয় দুখনৰ সাত চিকিৎসক, নাৰ্চকে ধৰি কৰ্মচাৰীক কোৱাৰেন্টাইনলৈ প্ৰেৰণ৷
কালি জিলাখনত চাৰিজন ক'ৰণা পজিটিভ পোৱাৰ পিছত জিলা আৰক্ষী, প্ৰশাসনৰ যুদ্ধকালীন ক্ষিপ্ৰতা৷ জিলাখনৰ প্ৰৱেশ পথৰ বিভিন্ন স্থানত চীল৷
ইফালে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে সদৰ চহৰখন পৰিভ্ৰমণ কৰি পৰিস্থিতি পৰ্যবেক্ষণ কৰি থকাৰ লগতে যিকোনো পৰিস্থিতিৰ মুখামুখি হ'বৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া জিলা প্ৰশাসনৰ লগত আলোচনা অব্যাহত ৰাখিছে৷