দিল্লীৰ ৰাজপথত ভস্মীভূত বাহন, দুই শিশুসহ মাতৃৰ মৃত্যু

 03/11/2019 - 14:44

নতুন দিল্লীঃ দিল্লীত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাই ম্ৰিয়মান কৰি তুলিছে দেশবাসীক। অক্ষৰধাম মন্দিৰ দৰ্শন কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এটা পৰিয়ালৰ তিনিজনে।

জানিব পৰা মতে, দেওবাৰে সন্ধিয়া প্ৰায় প্ৰায় ৬.৩০ বজাত উপেন্দ্ৰ নামৰ ব্যক্তিজনে পত্নী আৰু তিনি সন্তানক লগত লৈ অক্ষৰধাম মন্দিৰ দৰ্শনৰ বাবে গৈ আছিল। তেওঁলোকে গৈ থকা বাহনখন অক্ষৰধাম পথ পোৱাৰ সময়তে বাহনৰ পিছফালে প্ৰচণ্ড জুইৰ সূত্ৰপাত হয়।

বাহনখনত জুইৰ সূত্ৰপাত হোৱা প্ৰত্যক্ষ কৰি চালকৰ চিটত বহি থকা উপেন্দ্ৰই কাষত বহি থকা কন্যাক লগত লৈ ততাতৈয়াকৈ বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় যদিও পিছফালৰ চিটত বহি থকা তেওঁৰ পত্নী ৰঞ্জনা আৰু দুই কণমানি সন্তান বাহনখনৰ ভিতৰতে আবদ্ধ হৈ পৰাৰ ফলত কৰুণ মৃত্যুক আঁকোৱালি লয়।

এই ভয়ংকৰ দুৰ্ঘটনাৰ বিষয়ে আৰক্ষী অৱগত হোৱাৰ পিছতে সন্ধিয়া প্ৰায় ৭.২৫ বজাত ঘটনাস্থলীত উপস্থিত হৈ আহত উপেন্দ্ৰ আৰু শিশুটিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে বাহনখনৰ ভিতৰত মৃত্যুক আঁকোৱালি লোৱা শিশুদুটিৰ বয়স ২ আৰু ৫ বছৰ আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। যান্ত্ৰিক বিজুতিৰ বাবেই বাহনখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে যদিও ইয়াৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।